53
newsnextone.com | নাৰায়ণপুৰঃ শুকুৰবাৰে পুৱা লখিমপুৰ জিলাৰ ধলপুৰত এটি শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়৷ পুৱাৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাটোত ৪ জন লোক নিহত হোৱাৰ লগতে ১৯ জন গুৰুতৰ ভাৱে আহত হয়৷
জানিব পৰা মতে, এছ-০৭চি-৭৪৯১ নম্বৰৰ মহিন্দ্ৰ বলেৰ’ পিক আপ ভেন এখনে বিহপুৰীয়াৰ বদতিৰ পৰা ধলপুৰত পকী কাম কৰিবলৈ অহা ২২ জন শ্ৰমিকক কঢ়িয়াই আনিছিল৷ কিন্তু ধলপুৰ দৈনিক বজাৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে৷