29
Jun
2017

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানাৰ অন্তৰ্গত আম-পথাৰত আজি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোক গুৰুতৰভাবে আহত হয়৷
খেৰণিৰ পৰা জেংখা অভিমুখে গৈ থকা এ-এছ-০৯-চি-৯৮৭০ নম্বৰৰ অট’ আৰু বিপৰীত দিশৰ পৰা অহা এ-এছ-০১-চিচি-০৬৩৮ নম্বৰৰ মেজিকৰ মাজত মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাটোৰ ফলত অট’ চালক ৰাজু ৰংফাৰ গুৰুতৰভাৱে আহত হয়৷
খেৰণিৰ স্থানীয় চিকিৎসালয়ত ৰাজুক চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ ৰাজু ৰংফাৰৰ ঘৰ খেৰণিৰ সৰু মাটিখোলাৰ বুলি জানিব পৰা গৈছে৷