57
মঙলদৈঃ মঙলদৈৰ চহৰৰ সমীপৰ পিপৰাদোকানত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়। পিপৰাদোকানৰ এনআৰএল পেট্ৰল পাম্পৰ ওচৰত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ লাগে।
যাৰ ফলত ৰঙামাটিৰ হিতেশ নাথ আৰু অনিল নাথ আৰু দুনিৰ অক্ষয় শইকীয়া গুৰুতৰ ভাবে আহত হয়। সংকটজনক অৱস্থাত তিনিগৰাকী লোককে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোক তথা আৰক্ষীয়ে৷