তেজপুৰঃ ৰাজ্যখনৰ ট্ৰেফিক আইন নমনা একাংশ বাহন চালক যিদৰে আছে তাৰ বিপৰীতে অকৰ্মণ্য ট্ৰেফিক পুলিচ একাংশৰ বাবেও প্ৰতিনিয়ত যান-বাহনৰ দুৰ্ঘটনা সংঘটিত হোৱাতো নতুন কথা নহয়। ফলত একাংশ বাইক আৰোহীৰ লগতে গাড়ীচালকসকলেও মৃত্যুক সাৱটি লব লগা হৈছে।
তীব্ৰ যান-যঁটৰ বাবে বিখ্যাত হৈ পৰা মিছন চাৰিআলি ট্ৰেফিক পইণ্টত আজি বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়। ৰঙাপৰাৰ পৰা নগাঁও অভিমুখে গৈ থকা এ-এছ-০১-কিউ-৭৮৬৭ নম্বৰৰ তীব্ৰবেগী পাঞ্জাব ব’ডী ট্ৰাক এখনে বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকা বাইক এখনক খুন্দা মৰাৰ ফলত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়।