নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা৷ জিলা পৰিবহন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতিৰ বাবেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ পথ দুৰ্ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ ৷
জিলাখনৰ সৰু-বৰ নগৰ-চহৰ কিম্বা ভিতৰুৱা অঞ্চলত দিনকদিনে বৃদ্ধি পাই অহা এনে দুৰ্ঘটনাবোৰৰ মূল কাৰণ হিচাপে জিলাখনত ক্ৰমাৎ সৰু-ডাঙৰ যান-বাহনৰ সংখ্যা বৃদ্ধি, অপ্ৰশিক্ষণপ্ৰাপ্ত অতি কম বয়সীয়া চালকৰ সীমাহীন উদ্ভণ্ডালি, যান-বাহনৰ গৰাকীৰ নিয়ন্ত্ৰণহীনতা, পৰিবহন বিভাগৰ দায়িত্বজ্ঞানহীনতা আদিকে চিহ্নিত কৰিব পাৰি৷