55
নলবাৰীঃ নলবাৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নলবাৰীৰ হৰিপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি প্ৰায় ২-৩০ বজাত সংঘটিত এক পথ দূৰ্ঘটনাত এজন লোক নিহত হয়৷
জানিব পৰা মতে, নিহত আৰোহীজন নলবাৰী খুখুন্দীৰ নৰবিন্দ বৰ্মন(৫২)৷ নিহত ব্যক্তিজনে নিজৰ দোকানৰ বাবে নলবাৰী চহৰৰ পৰা ঘৰলৈ দোকানৰ সামগ্ৰী লৈ গৈ থকা অৱস্থাত তীব্র বেগী এল্ট’ৱে খুন্দিয়াই থৈ পলায়ন কৰে৷ লগে লগে চাইকেল আৰোহীজন থিতাতে নিহত হয়৷