তুলসীবাৰীঃ ৰঙিয়াৰ বালাগাঁৱত সোমবাৰে পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী প্ৰায় ৭০ বছৰীয়া বৃদ্ধ মহিলাৰ মৃত্যু হয়৷ নিহত বৃদ্ধ মহিলাগৰাকী বালাগাঁও নিবাসী চমলা বিবি বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, এ-এছ-বি জেড-০১-০১৯৮ নম্বৰৰ তীব্ৰ বেগী মহেন্দ্ৰ বলেৰ’ এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰে গৈ থকা মহিলাগৰাকীক মহতিয়াই নিয়ে।

গুৰুতৰভাবে আহত মহিলাগৰাকীক স্থানীয় লোক তথা আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি জিএমচি হাস্পাতাললৈ প্ৰেৰণ কৰে যদিও পিছত মৃত্যুক আকোৱালি লয়৷ ৰঙিয়া অঞ্চলত দুৰ্ঘটনা সংঘটিত হৈ প্ৰতিদিনে মানুহৰ প্ৰাণ যায়৷ উদণ্ড চালকক নিয়ন্ত্ৰণ কৰাৰ লগতে আৰক্ষীৰ পহৰা নিদিয়াৰ অভিযোগ উত্থাপন কৰি ঠায়ে ঠায়ে গতিৰোধক স্থাপনৰ দাবী জনাই স্থানীয় ৰাইজে।