Home ৰাজ্যগাড়ীৰ খুন্দাত ৭০ বছৰীয়া বৃদ্ধৰ মৃত্যু

গাড়ীৰ খুন্দাত ৭০ বছৰীয়া বৃদ্ধৰ মৃত্যু

by News Desk
53 views
A+A-
Reset

তুলসীবাৰীঃ ৰঙিয়াৰ বালাগাঁৱত সোমবাৰে পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী প্ৰায় ৭০ বছৰীয়া বৃদ্ধ মহিলাৰ মৃত্যু হয়৷ নিহত বৃদ্ধ মহিলাগৰাকী বালাগাঁও নিবাসী চমলা বিবি বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, এ-এছ-বি জেড-০১-০১৯৮ নম্বৰৰ তীব্ৰ বেগী মহেন্দ্ৰ বলেৰ’ এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰে গৈ থকা মহিলাগৰাকীক মহতিয়াই নিয়ে।

গুৰুতৰভাবে আহত মহিলাগৰাকীক স্থানীয় লোক তথা আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি জিএমচি হাস্পাতাললৈ প্ৰেৰণ কৰে যদিও পিছত মৃত্যুক আকোৱালি লয়৷ ৰঙিয়া অঞ্চলত দুৰ্ঘটনা সংঘটিত হৈ প্ৰতিদিনে মানুহৰ প্ৰাণ যায়৷ উদণ্ড চালকক নিয়ন্ত্ৰণ কৰাৰ লগতে আৰক্ষীৰ পহৰা নিদিয়াৰ অভিযোগ উত্থাপন কৰি ঠায়ে ঠায়ে গতিৰোধক স্থাপনৰ দাবী জনাই স্থানীয় ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0