54
বাইহাটা চাৰিআলিঃ কামৰূপ গ্ৰাম্য জিলাৰ বেজেৰাত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এক দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন আহত হয়।
ঘটনাৰ বিৱৰণী মতে আজি আবেলি ৪.৩০ বজাত গুৱাহাটীৰ পৰা ছিপাঝাৰ অভিমুখে দুজন যুৱক আহি থকা অৱস্থাত বেজেৰাৰ খেহেনীপাৰাত এখন টেম্প’ক অতিক্রম কৰিবলৈ লওঁতে পিছ ফালৰ পৰা অহা এখন মালবাহী গাড়ীয়ে খুন্দিওৱাৰ ফলত দুয়োজন যুৱক পথৰ ওপৰত ছিটিকি পৰে।