তেজপুৰঃ ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। একাংশ উদণ্ড চালকে গুৰু-গোঁসাই নমনাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। ট্ৰেফিক আইন আছে যদিও প্ৰায়োগিক দিশত শিথিলতাৰ বাবেই বহুতো কম বয়সীয়া যুৱকে অনুজ্ঞা পত্ৰ অবিহনেই বাহন চলাই থকা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে একাংশ যুৱকে হেলমেট পৰিধান নকৰাকৈয়ে বাইক চলাই ট্ৰেফিক আইনখনক ভেঙুচালি কৰি আহিছে। নিজৰ অসাৱধনতাৰ বাবেই প্ৰায়বোৰ দুৰ্ঘটনা সংঘটিত হয়। আনহাতে কেৱল আইনখনৰ দোহাই দি চৰকাৰী পক্ষক সমালোচনা কৰি থাকিলেই দুৰ্ঘটনাবোৰ ৰোধ নহয়।