ৰঙিয়াঃ ৰঙিয়াৰ মৰাণজানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ শনিবাৰে পথ দুৰ্ঘটনাত এজন উচ্চ শিক্ষিত যুৱকৰ থিতাতে মৃত্যু হোৱাত শোকৰ ছাঁ পৰে৷ জানিব পৰা মতে, AS-01-DA-3961 নম্বৰৰ পালচাৰেৰে ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত গিয়াছুদ্দিন নামৰ যুৱকজনক অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত মৃত্যু হয়৷
বাইক চলাই আহি থকা অৱস্থাত মৰাণজানাৰ চক বজাৰৰ সমীপত পিছফালৰ পৰা একে অভিমুখে আহি থকা আন এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত যুৱকজন পথত বাগৰি পৰাত খুন্দিওৱা গাড়ী খনৰে চকা দেহৰ ওপৰেৰে উঠি যোৱাত যুৱকজনৰ থিতাতে মৃত্যু হয়।