ছিপাঝাৰঃ পৰিবৰ্তনকামী চৰকাৰৰ মিথ্যাচাৰত অতিষ্ঠ হৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত হৈছে প্ৰতিবাদ৷ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ নাশ কৰিবলৈ জাতীয় নায়ক আখ্যা দিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যৰ ৰাজপাটত বহুৱাইছিল মিত্ৰজোঁটৰ চৰকাৰক৷
কিন্তু সেয়াও যেন ৰাইজৰ বাবে দুৰ্লভ আশাহে হৈ পৰা পৰিলক্ষিত হ’ল৷ জাতি-মাতি ভেটিৰ স্বাৰ্থত কাম কৰিম বুলি জনসাধাৰণক প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল আৰু তেওৰ চৰকাৰখনে যোৱা ১৬ মাহত দিল্লীৰ পুতলা হৈ পৰা দেখা গ’ল৷