লংকাঃ হোজাই জিলাৰ লংকাত মঙলবাৰে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক নেতা-কৰ্মীয়ে পথ অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
পথ মেৰামতিৰ দাবীত তথা কৃষক মুক্তিৰ নেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাৰ্কেবস্তি আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কৰে৷ লংকা-নখুটি সংযোগী গড়কপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে মানুহে আহ-যাহ কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাত ৰাইজে যমৰ-যাতনা ভোগ কৰি অহাত পথটো মেৰামতিৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷