গোৰেশ্বৰঃ বিটিচি চুক্তিৰ পুনৰীক্ষণ, বিটিচিৰ পৰা অবড়ো অধ্যুষিত গাঁও কৰ্তন আৰু অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত মঙলবাৰৰ পৰা অবড়ো সুৰক্ষা সমিতিয়ে অৰ্থনৈতিক অৱৰোধ কাৰ্যসুচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিটিএডিলৈ প্ৰৱেশ কৰা পথত অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰি পথত টায়াৰ জ্বলাই বিটিএডিৰ বিভিন্ন ঠাই উত্তাল কৰি তোলে।
বাক্সা জিলাৰ গোৰেশ্বৰৰ গেৰুৱাতো অবড়ো সুৰক্ষা সমিতিয়ে পথ অৱৰোধ কৰে। গোৰেশ্বৰ চহৰলৈ প্ৰেৱশ কৰা পথ অৱৰোধ কৰাৰ ফলত আবদ্ধ হৈ পৰে বহু যান-বাহন। অৱৰোধৰকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰক শীঘ্ৰে বিটিচি চুক্তি পুনৰীক্ষণ কৰি অবড়োৰ অধিকাৰ বিটিএডি সুৰক্ষিত কৰাৰ দাবী জনায়।