ধুবুৰীঃ ২৪ ঘন্টাই বিদ্যুৎ সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰি শাসনৰ গাদী দখল কৰা বিজেপিয়ে শাসন ভাৰ লাভ কৰি পুৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ পাহৰি গৈছে৷ ৰাজ্যত এতিয়া ঠায়ে ঠায়ে বিদ্যুৎৰ সঘন আহ-যাহে ব্যাপক সমস্যাত পেলাইছে ৰাইজক৷ শুকুৰবাৰে বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত মৰিগাঁও উত্তাল হৈ পৰাৰ ২৪ ঘন্টা পাৰ নৌহওতেই বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত উত্তাল হ’ল ধুবুৰীৰ গৌৰীপুৰ৷
বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত ৩১নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি আমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীৰ লগতে গৌৰীপুৰৰ পৰা চাপৰলৈকে বিধ্বস্ত গড়কাপ্তানি পথ শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনায় সংগঠনটোৱে৷ সংগঠনটোৱে ঐতিহাসিক পানবাৰীত পুৱা ১১বজাৰ পৰা ঘাইপথ অৱৰোধ কৰি সৰ্বানন্দ সোণোৱাল হায় হায়, পৰিমল শুক্লবৈদ্য হায় হায়, নিতিন গাডকাৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে৷