newsnextone.com | মৰিয়নীঃ পুনৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ আশংকাত দিন পাৰ কৰিব লগা হৈছে অসম-নগালেণ্ড সীমান্তৰ ৰাইজে। কিয়নো সেনা-আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে অসমৰ মাটিত সোমাই আহি নগা দুৰ্বৃত্তই নিৰ্বিচাৰ গুলিচালনা কৰি নিৰ্বিঘ্নে আতৰি যাব পাৰে। ধন দাবী, ভাবুকি, গুলীবৰ্ষণ আদি নগা দুৰ্বৃত্তৰ বাবে সহজ কথাত পৰিণত হৈছে। 

ফলত যোৰহাট জিলাৰ মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে। নগা দুৰ্বৃত্তই অসম-নগালেণ্ড সীমান্তৰ ৰণখাম চাহ বাগিচাৰ পৰিচালক প্ৰদীপ ফুকনক লক্ষ্য কৰি মঙলবাৰে পুৱাই গুলিচালনা কৰাৰ পিছতে ৰাইজ উত্তেজিত হৈ পৰিছে। গুলীচলনা কৰাৰ ঘটনাৰ পিছতে উত্তেজিত লোকে নগা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা আৰু নগা দুৰ্বৃত্তৰ অতপালি ৰোধ কৰাৰ দাবীত নগালেণ্ড সংযোগী পথটো অৱৰোধ কৰে। 

ফলত ৰাজপথত যান-বাহন থিয় দিব থাকিব লগা হয়। আৰক্ষী উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মৰিয়নীৰ চেলেং বাটত ধোদৰ আলিৰ পথ অৱৰোধ কৰে ৰাইজে। 

মঙলবাৰে পুৱাই অসমৰ চাহ বাগিচাৰ পৰিচালকে দাবী কৰা ধন নিদিয়াৰ বাবেই গুলিবৰ্ষণ কৰা ঘটনাৰ পিছত মৰিয়নীৰ চেলেং বাটত ধোদৰ আলিৰ পথ অৱৰোধ কৰি দুৰ্বৃত্তৰ ভাবুকি আৰু গুলিচালনা কৰা ঘটনাৰ প্ৰতিবাদ জনাই অসম চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে। বহু নগালেণ্ডলৈ আহ-যাহ কৰা গাড়ী আবদ্ধ হৈ পৰে। চেলেং চাহ বাগিচাত পথ অৱৰোধ কৰাৰ ফলত যিকোনো মুহূৰ্ততে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পৰাৰ আশংকা কৰা হৈছে। বহু গাড়ীত মহিলা-শিশু ৰৈ থাকিব লগা হোৱাৰ গেলা গৰমত যন্ত্ৰণা ভোগ কৰিব লগা হয়।

যোৰহাটা জিলাৰ অসম-নগালেণ্ড সীমান্তত অসমৰ এগৰাকী চাহ বাগিচাৰ পৰিচালকৰ ঘৰলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰিছিল মঙলবাৰে পুৱাই। জানিব পৰা মতে, মঙলবাৰে পুৱাৰে ভাগত মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তৰ  ৰণখাম চাহ বাগিচাৰ পৰিচালকৰ ঘৰলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলিচালনা কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীলৈ অসম আৰক্ষী দল ৰাওনা হয়।

জানিব পৰা মতে,  কিছুদিন পূৰ্বে ৰণখাম চাহ বাগিচাৰ মালিকক নগা দুৰ্বৃত্তই ৫০ লাখ টকা ধন দাবী কৰিছিল। দাবী কৰা ধন ধন আদায় দিবলৈ সকিয়াই আহিছিল দুৰ্বৃত্তই। তাৰ মাজতে দাবী কৰা ধন আদায় নিদিয়াৰ বাবে ৰণখাম চাহ বাগিচাৰ পৰিচালক প্ৰদীপ ফুকনক লক্ষ্য কৰি মঙলবাৰে পুৱাই গুলিচালনা কৰে। ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। 

অভিযোগ মতে, মৰিয়নীত নগাই পুনৰ তাণ্ডৱ আৰম্ভ কৰিছে। নগা দুৰ্বৃত্তই ৰণখাম চাহ বাগিচাৰ পৰিচালক প্ৰদীপ ফুকনে নগা দুৰ্বৃত্তই পৰা ৫০ লাখ টকা ধন দাবী কৰিছিল বুলি জানিবলৈ দিয়ে৷ সামৰিক পোচাকত আহি ৪ জাঁই গুলিবৰ্ষণ কৰাৰ ফলত৷ কথমপি প্ৰাণৰক্ষা পৰে প্ৰদীপ ফুকনৰ৷ যোৰাহাট আৰক্ষীৰ উচ্চ উচ্চপদস্থ বিষয়া ঘটনা স্থলিত উপস্থিত হৈ নগাৰ দুৰ্বৃত্তক জালত পেলাবলৈ অভিযান আৰম্ভ কৰিছে। আৰক্ষীৰ বৃহৎ দল উক্ত ঠাইত মোতায়ান কৰা হৈছে৷