newsnextone.com | মৰিয়নীঃ ধোদৰ আলিৰ পুঠি নদীৰ সমীপত আমগুৰি অভিমুখী এখন বগা ৰঙৰ ব'লেৰ' NL04-C-2741আৰু দেবেৰাপাৰ দিশলৈ আহি থকা AS 06 p 6170 নম্বৰৰ এখন মাৰুতি ৱেগনাৰ মাজত মুখামুখী সংঘৰ্ষ হয়৷ 

অসমৰ ৱেগনাৰ গাড়ী আৰোহী দুজন আৰু নগালেণ্ডৰ গাড়ী ব’লেৰ খনৰ চাৰি জন আৰোহী আহত হয়৷ আহত সকলক প্ৰথমে নকছাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷