newsnextone.com | চাবুৱাঃ দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত জহি-খহি গৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ হৈ যোৱা পথটোৰ প্ৰকাণ্ড প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী-মটৰ চলাব পৰা পৰিবেশ নোহোৱা হৈছে৷ নিতৌ পথটোত দুৰ্ঘটনা সংঘটিত হৈ মানুহ ঘূণীয়া হ’ব লগা হৈছে৷ বিভিন্ন দল-সংগঠনে সময়ে সময়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই আহিছে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক বিনোদ হাজৰিকাই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ হয়৷

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ পৰিবেশ আৰু আন আন উপ-পথ সমূহৰ কদৰ্য অৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিছৰাত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই মই নিজেই ৰাস্তা বেয়া হোৱা দেখিছোঁ বুলি কয়৷ বিধায়কগৰাকীয়ে গড়কাপ্তানী বিভাগৰ লোকে গুৰুত্ব নিদিয়া বুলিও অভিযোগ উত্থাপন কৰে৷ 

বিনোদ হাজৰিকাই কয় ‘‘মই ৰাজপথ নিজেই দেখিছোঁ৷ ৰাস্তা বেয়া হৈছে৷ মই কালি মাননীয় মুখ্যমন্ত্ৰীক ফোন কৰিছোঁ৷ মুখ্যমন্ত্ৰীক নিজেই কৈছোঁ৷ বিভাগৰ মানুহ খিনিয়ে গুৰুত্ব দিয়া৷ মই এতিয়ালৈকে হাইৱে অথিৰিটিক ১৫-২০ বাৰ ফোন কৰিছোঁ৷ আজি কৰিম কালি কৰিম কৰি বুলি কয়৷ মই বাৰ বাৰ ফোন কৰাৰ পিছত কেইটামান শিল পেলাই থৈ যায়৷ সেই কাৰণে মোৰ নিজৰে বেয়া লাগিছে৷ সেই কাৰণে মই এই বিষয়টো মুখ্যমন্ত্ৰীক কব লগা হৈছে৷ গুৱাহাটীৰ পৰা আহি এনে ব্যৱস্থা দেখি লগে লগে মই মুখ্যমন্ত্ৰীক ফোন কৰিছোঁ৷ বিভাগৰ হেমাহি, ঠিকাদাৰৰ হেমাহিৰ বাবে আজি ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে৷ ৰাইজৰ কিয় মোৰ নিজৰেই লাজ লাগিছে৷ মোৰ অধিনত ৰাষ্ট্ৰীয় ঘাইপথ নাই৷ মই বিধায়কহে তথাপিও মই এই খিনি সহায় কৰিছোঁ৷ মই জানো গাঁৱৰ ৰাস্তাৰ কাম কৰিব লাগে মই সেইবোৰ কৰি পেলাম৷’’