আমগুৰিঃ আগতে বোলো পকা ৰাস্তা দেখা নাই আমি৷ ধূলি-বালি হৈ আছিল৷ ভাবিছিলো ধূলি-বালি নোহোৱা হ’ব৷ পকা ৰাস্তাটো হ’ব বুলি ভাবিছিলো কিন্তু এতিয়া দেখোন লৰা-ছোৱালীয়ে বিস্কুটৰ দৰে এৰুৱাইছে এইবোৰ৷ এনেকৈ ৰাস্তা বনাই নে৷ কি হৈছে নাজানো দে৷ এনেকৈয়ো ৰাস্তা বনাই নে৷ এনেদৰে ক্ষোভ জাহিৰ কৰে একাংশ মহিলাই৷
শিৱসাগৰ জিলাৰ আমগুৰিৰ ৬১নং ৰাষ্ট্ৰীয় ঘাই পথ-চেউনি আলি গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ফলত নিৰ্মাণৰ পিছতে চকলা-চকলে পকী বোৰ এৰি যাব ধৰাত এনেদৰে ক্ষোভ ব্যক্ত কৰে ৰাইজে৷ পি এম জি এছ ৱাই আঁচনিৰ অধীনত প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিাণ কৰি থকা প্ৰায় তিনি কিঃ মিঃ দৈৰ্ঘ্যৰ পথটো দেখিলে চকু কপালত উঠিব৷ আনহাতে আন এগৰাকী জ্যেষ্ঠ লোকে পথটোৰ বৰ্ণানা দি কয় “পকা কঁঠালৰ দৰে ঢপ ঢপ কৰা, তিল পিঠাৰ দৰে নুৰিয়াব পৰা পথ”।