বোকাজানঃ কৰ’না মাহামাৰী ৰোধৰ বাবে সমগ্ৰ দেশতে অব্যাহত থকা লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। ইয়াৰ গইনা লৈ কাৰ্বিং আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ স্থানীয় বিধায়কে সমষ্টিৰ উন্নয়নৰ দায়িত্বলৈ সম্পূৰ্ণৰূপে পিঠি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
উত্থাপিত আভিযোগ অনুযায়ী বোকাজান বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ডাঃ নোমল ম’মিনে দুবছৰ পূৰ্বে MLAADS ২০১৮-১৯ বৰ্ষৰ সমষ্টি উন্নয়ন পুঁজিৰ ১.৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবৰ বাবে বোকাজানৰ ডিলাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা লাংবই নৱজ্যোতি নামঘৰলৈ ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চেণ্ডগ্ৰেভেইলেৰে মেৰামতিৰ বাবে পুঁজি আৱন্টন দিছিল। কিন্তু দুবছৰ উকলি যোৱাৰ পিছতো ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল।