বিহালীঃ বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বৰজাৰণীৰ পৰা তিনিসুঁতিলৈ যোৱা এটি পথ শুভ উদ্বোধন কৰে। পুৱা দহ বজাত বৰজাৰণী চেণ্টাৰত এখনি পথ উদ্বোধনী সভা অনুষ্ঠিত হয়। সভাখনৰ আঁত ধৰে বাঘমৰা মণ্ডল বিজেপিৰ সভাপতি দধিৰাম শৰ্মাই।
প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থকা সভাত মন্ত্ৰীযে পথটো উন্নত মানৰ সামগ্ৰীৰ জৰিয়তে নিৰ্মাণ কৰা হ’ব বুলি ৰাইজক উদ্দেশ্য কৰি ভাষণ আগবঢ়ায়। এই সভাতে বিশ্বনাথৰ দুগৰাকী গড়কাপ্তানি বিভাগৰ কাৰ্যকৰী অভিযন্তাক মন্ত্ৰী গৰাকীয়ে পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গাফিলতি, কোনো দুৰ্নীতি নকৰি ৰাইজৰ সুবিধা হোৱাকৈ উন্নত মানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিবলৈ আহ্বান জনায়।