Home ৰাজ্যওৰাঙত পুৱাই পথ দুৰ্ঘটনা, এজন নিহত

ওৰাঙত পুৱাই পথ দুৰ্ঘটনা, এজন নিহত

by News Desk
69 views
A+A-
Reset
ওৰাংঃ বিধ্বস্ত ঘাইপথৰ বাবে ওৰাঙত পুনৰ সংঘটিত হ’ল পথ দুৰ্ঘটনা। শনিবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাত এজন লোক নিহত হয়।
 
প্ৰাপ্ত বাতৰি মতে, পুৱা প্ৰায় ৯.৩০ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০১ এ ডব্লিউ ৪৫৩১ নম্বৰৰ এখন আই-২০ গাড়ীয়ে এজন চাইকেল আৰোহীক খুন্দা মাৰে। ফলত থিতাতে নিহত হয় পৰেশ মাহাতো(৪২) নামৰ লোকজন।
 
সেই সময়ত ওৰাঙৰ নিছিলামাৰী গাঁৱৰ মাহাতোৱে নিজৰ গেৰেজলৈ চাইকেলেৰে আহি আছিল। উল্লেখ্য যে বিধ্বস্ত ঘাইপথ আৰু তীব্ৰ বেগী যান-বাহনৰ দৌৰাত্ম্যৰ ফলত এনেদৰে বহুলোকে ঘাইপথটোত প্ৰাণ হেৰুৱাই আহিছে। 
 
News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0