ধুবুৰীঃ ধুবুৰীৰ গৌৰীপুৰত চৰকাৰৰ আশা এৰি ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ৷ বান পানীত ক্ষতিগ্ৰস্ত এটি পথ মেৰামতি তথা নিৰ্মাণত চৰকাৰ-প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত মঙলবাৰে পুৱাই হাতে হাতে কোৰ লৈ ওলাই আহিল ৰাইজ৷ গৌৰীপুৰৰ আশাৰীকান্দি-ঘ্যাগেৰ আলগা পথটো মঙলবাৰে ৰাইজে শ্ৰমদান কৰাৰ লগতে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে৷ পথটোৰ বহু অংশ বান পানীয়ে উটুৱাই নিয়াত ৰাইজে ব্যাপক সমস্যাত পৰিছিল আহ-যাহ কৰাত৷
স্কুলীয়া ছাত্ৰ-ছাত্ৰী. ব্যৱসায়ী, চাকৰিয়াল আদিকে ধৰি নিতৌ শ শ লোকে যাতায়ত কৰা পথটো যাতায়াতৰ বাবে সুচল কৰাৰ বাবে আবেতন-নিবেদন কৰি সফল নোহোৱাত ৰাইজে দহ-বিশ টকা সংগ্ৰহ কৰি কেইজনমান যুৱকৰ নেতৃত্বত পথটো মেৰামতি কৰে৷ গৌৰীপুৰৰ আশাৰীকান্দিৰ পৰা ঘ্যাগেৰ আলগা সংযোগী পি এম জি এছ ৱাই পথটো ধুবুৰী গড়কাপ্তানী সংমণ্ডলৰ একাংশ অভিযন্তা আৰু ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল৷