newsnextone.com | ডিব্ৰুগড়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰি দেশক পৰিস্কাৰ কৰাৰ সপোন দেখিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশৰ প্ৰতিটো প্ৰাণ, প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান পৰিষ্কাৰ কৰাৰ বাবে দেশবাসীক বাৰ্তা দিছিল৷ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা গৈছিল৷

তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল'গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড়ৰ পৌৰ সভা অধীনত থকা ১ নং ৱাৰ্ডৰ সেউজপুৰ পথৰ কদৰ্যময় অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

ডিব্ৰুগড় জিলাৰ সদৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড়ৰ পৌৰসভাৰ অধিনৰ ১ নং ৱাৰ্ডৰ পথৰ দাঁতিত দ'ম কৰি থোৱা জাৱৰৰ বাবে ৰাইজে নাকত হাত পাৰ হ'ব লগা হয়। ১ নং ৱাৰ্ডৰ সেউজপুৰ হৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ যাবৰ বাবে এইটে এটা অন্যতম কম দৈৰ্ঘ্যৰ পথ। হস্পিতাললৈ যোৱা গড়কাপ্তানী পথটো জৰাজীৰ্ণ হৈ পৰাৰ লগতে পথৰ দাঁতিত ডাষ্টবিন নথকাত পেলনীয়া সামগ্ৰী পথৰ দাঁতিত পেলোৱাৰ ফলত দৈনিক অসম চিকিৎসা মহাবিদ্যালয়লৈ অহা-যোৱা কৰা লোকে বীজাণু ভক্ষণ কৰিব লগা হৈছে। 

ডিব্ৰুগড়ৰ পৌৰসভা চাফাই কৰ্মী নিয়োগ নকৰাৰ ফলতেই এনে পৰিবেশ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। জানিব পৰা মতে, ডিব্ৰুগড় পৌৰসভাখন বিজেপিৰ দখলত থকাৰ ডিব্ৰুগড় সদৰ বিধান সভা সমষ্টি বহুবল্কী বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ দখলত আছে। ইমানৰ পিছতো একেই দলৰ নেতা তথা প্ৰধানমন্ত্ৰীগৰাকীয়ে দেখা সপোনক বাস্তৱ ৰূপ দিয়াৰ পৰিৱৰ্তে উপলুঙা কৰাহে পৰিলক্ষিত হৈছে। 

পথৰ দাঁতিত জাৱৰ দ'ম হৈ থকা পৰিলক্ষিত হয়৷ বহু পেলনীয়া সামগ্ৰী পেলাই থোৱাত সেই সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ বিভিন্ন সময়ত বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে স্বচ্ছ ভাৰতৰ নামত চমক সৃষ্টি কৰে যদিও সেয়া প্ৰকৃততে চমক হৈ ৰয়৷ 

চৰকাৰ-প্ৰশাসনৰ এনে অৱহেলাৰ ফলত এতিয়া একপ্ৰকাৰ বীজাণু ভক্ষণ কৰি জীয়াই থাকিবলৈ বাধ্য হৈ পৰিছে উক্ত অঞ্চলৰ ৰাইজ। স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি টকা খৰছ কৰাৰ সময়তে একোটা অঞ্চলৰ ৰাইজৰ জীৱনক তুচ্ছ কৰি বীজাণু ভক্ষণ কৰি জীয়াই থাকিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনকেই নহয়, এয়া হৈছে স্বচ্ছ ভাৰত অভিযানৰ চূড়ান্ত ব্যৰ্থতা।