গোৰেশ্বৰঃ জাতি জনগোষ্ঠীৰ মিলনভূমি বিটিএডিত বহু ভাষা-ভাষী, সম্প্ৰদায়-বৰ্ণৰ লোক আছে। বিটিএডি খন কেৱল বড়ো জনগোষ্ঠীৰে নহয়। সকলো জাতি-জনগোষ্ঠীৰে ভাষা, সাহিত্য, সংস্কৃতি জীয়াই থাকিব বিটিএডিত। এই বিটিচিৰ কাৰ্যবাহী তথা ২৯নং শুক্লাই-চেৰফাং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য গণেশ কছাৰীৰ।
শনিবাৰে বাক্সা জিলাৰ শুক্লাই চেৰফাং সমষ্টিৰ ৪টা পথ নিৰ্মাণৰ কামৰ শুভৰাম্ভ কৰি এই মন্তব্য আগবঢ়ায় কছাৰীয়ে৷ পি এম জি এচ ওৱাই আঁচনিৰ অধীনত মহৰিপাৰা-কেৰ্পাভিঠা গড়কাপ্তানি পথ, দিঘিলীপাৰ-টেঙাঝাৰ গড়কাপ্তানি পথ আৰু ৪নং দোঙাৰগাঁও-অমৰ চ’ক গড়কাপ্তানি পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি এনেদৰে কয় কছাৰীয়ে।