www.newsnextone.com| নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। বগুৰিগুৰী গাৱঁৰ প্ৰতিষ্ঠিত মৰাপাট ব্যৱসায়ী ফক্কৰ উদ্দিনৰ ঘৰত সংঘটিত হয় এই ডকাইতিৰ ঘটনা৷ ছয়জনীয়া ডকাইতৰ দলটোৱে ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি লুট পাট চলাই থাকোতে ব্যৱসায়ীজনৰ পত্নী হাপচিনা বেগমে বাধা প্ৰদান কৰাত ডকাইতৰ দলটোৱে বুকুত গুলীয়াই গুৰুতৰ ভাৱে আহত কৰে৷ 

পিছত ৰাইজে অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও চহৰলৈ লৈ যায় যদিও আদবাটতে তিনি সন্তানৰ মাতৃ হাচপিনাৰ মৃত্যু হয়৷ ডকাইতৰ দলটোৱে ব্যৱসায়ী ফক্কৰৰ ঘৰৰ পৰা  লুটি নিয়ে নগদ ধন আৰু আ অলংকাৰ সহ দহ লক্ষাধিক টকাৰ সম্পত্তি৷ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নায়।