ৰঙিয়াঃ মটৰ চাইকেলত অহা পাঁচজনীয়া দুৰ্বৃত্তৰ দল এটাই ৰঙিয়াৰ এক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লক্ষাধিক টকা লুটি নিয়াৰ ২৪ ঘন্টা সম্পূৰ্ণ নৌহওঁতেই পুনৰাই সংঘটিত হৈছে একেই কাণ্ড। ঘটনাৰ বিৱৰণী মতে, আজি পুৱাৰ ভাগত ৰঙিয়া ৰেলৱে ষ্টেশ্যনৰ ১ নং প্লেট ফৰ্মৰ ভিতৰৰ ৰেলৱে সুৰক্ষা বলৰ বুথৰ সমুখৰ পৰা দুৰ্বৃত্তই এগৰাকী যাত্ৰীৰ বেগসহ অনান্য সামগ্ৰী লুটি নিয়ে।
ৰঙিয়া বজাৰৰ জৈন উপাধিৰ এটা পৰিয়ালৰ জীয়ৰী সীমা জৈন আৰু জোৱাই শ্ৰৱণ জৈন আলহি খাবলৈ আহি আজি পুৱাই ৰাজধানী এক্সপ্রেছ যোগে কিষাণগঞ্জলৈ যোৱাৰ বাবে ষ্টেশ্যনলৈ আহে। ষ্টেশ্যনৰ প্লেটফৰ্ম পোৱাৰ লগে লগে দুৰ্বৃত্তই যাত্ৰী কেইজনৰ গাত বান্দৰ কেঁকোৱা ছটিয়াই অতি কৌশলেৰে টকাৰ বেগটো লৈ পলাই যায়।