newsnextone.com। লাহোৱালঃ জুনিয়ৰ পলিটেকনিক,শিৱসাগৰৰ মুখ্য কাৰ্যালয় সহায়ক ৰবিন দত্তৰ ডিব্ৰুগড়ৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সোমবাৰে নিশা ১০ বজাত মৃত্যু হয়।

যোৱা ২৪ আগষ্ট তাৰিখে শিৱসাগৰৰ কৰ্মস্থলীৰপৰা আহি থাকোঁতে নিশা ৮ বজাত ডিব্ৰুগড়ৰ লক্ষীনাথ বেজবৰুৱা উদ‍্যানৰ ওচৰত গাড়ীৰ বাবে অপেক্ষা কৰি থাকোতে হঠাৎ উচ্চ ৰক্তচাপত ভুগি ঢলি পৰে।

সেই সময়তে আৰক্ষীৰ এটা দলে তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰি ঘৰলৈ খবৰ দিয়ে। ঘৰৰ লোক আহি অৱস্থা সংকটজনক দেখি ডিব্ৰুগড়ৰ আদিত‍্য নাৰ্চিংহোমৰ আই চি ইউত ভৰ্ত্তি কৰায়।

১২ দিন আই চি ইউত চিকিৎসাধীন হৈ আজি তেওঁ শেষ নিশ্বাস ত‍্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৬ বছৰ। ইহ সংসাৰত তেওঁ বৃদ্ধ পিতৃ, তিনিজনকৈ ভাতৃ-বোৱাৰী, ভতিজা,দুই পুত্ৰসহ পত্নীক এৰি থৈ যায়। তেখেতৰ অকাল বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।