নলবাৰীঃ বিধান সভাৰ অধিবেশন চলি থকাৰ মাজতে সোমবাৰে নলবাৰীত উপস্থিত হয় কংগ্ৰেছ নেতা প্ৰাক্তন বনমন্ত্ৰী তথা অসম ৰাজ্যিক এথলেটিকচ সন্থাৰ সভাপতি ৰকিবুল হুছেইন৷ ৯-১৩ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া ৪১ সংখ্যক সদৌ অসম এথলেটিচক প্ৰতিযোগিতাত খবৰ লবলৈ আহি খেল উপভোগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷

সোমবাৰে অনুষ্ঠিত হোৱা ইভেন্টৰ খেল উপভোগ কৰাৰ লগতে কেইবাগৰাকীও বিজয়ী প্ৰতিযোগীক প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বঁটা প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে মুখামুখী হৈ প্ৰাক্তন বনমন্ত্ৰীগৰাকীয়ে খেলৰ জৰিয়তে সমাজত বন্ধুত্বৰ এনাজৰী ডাল কটকটীয়া হয় বুলি কয়৷ আনহাতে মন্ত্ৰীগৰাকীয়ে হাতীৰ দাঁত দুটা বুলি কৈ এটা খোৱা দাঁত আৰু আনটো দেখুওৱা দাঁত বুলি কৈ শাসকীয় দলক কটাক্ষ কৰে৷

চৰকাৰেও হাতীৰ নিচিনা ৰাইজক দেখুৱাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে আৰু গোপনে দুৰ্নীতিৰ পাহাৰ গঢ়িছে বুলি অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে৷ আনহাতে, চৰকাৰৰ মিত্ৰতাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নামত হে অগপ আৰু বিপিফকলৈ মিত্ৰতা কৰিছে চৰকাৰে কিন্তু সময়ে সময়ে বদৰুদ্দিন আজমলৰ সৈতে গোপনে শ্ৰুতলিপি পাঠ কৰে আৰু আজমলে ৰাইজৰ আগত বিতৰ্কিত মন্তব্য কৰে বুলি কয়৷

শিক্ষা, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো চলে বলে কৌশলে আক্ৰমণ কৰি কেঞ্চাৰ পাপৰ ফলত হোৱা আৰু শিক্ষকক ৰাজহুৱা অপমান কৰা বিষয় কেতিয়াও অসমৰ ৰাইজে গ্ৰহণ নকৰে৷ ইপিনে কংগ্ৰেছক সুতা-কম্বলৰ ৰাজনীতি কৰিছিল বুলি মিছা আভুৱা ভৰা বিজেপি চৰকাৰে এতিয়া সুতা-কম্বলৰ তালিকা বনোৱা বিষয়টোও হাস্যকৰ বুলি ইতিকিং কৰে চৰকাৰক৷