ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱান সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰাৰ সময়তে জম্মু কাশ্মীৰ বিধান সভাত শনিবাৰে বিষয়টো লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা দি একাংশ বিধায়কে চৰকাৰক বিফল আখ্যা দিয়ে৷ শুকুৰবাৰে নিশা সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত৷ সন্ত্ৰাসবাদী আফজল গুৰুৰ বৰ্ষপূৰ্তি অহাৰ সময়তে চোৰাংচোৱাই এনে ঘটনা সংঘটিত হ’ব পাৰে আশংকা কৰিছিল৷
২০১৩ চনত ন্যায়ালয়ে ফাঁচি দিছিল সন্ত্ৰাবাদী আফজাল গুৰুক৷ তাৰেই প্ৰতিক্ৰিয়া হিচাপে এই আক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ বিৱৰণি মতে তিনিগৰাকী সন্ত্ৰাসবাদীয়ে আবাসীক এলেকাত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷ কোনো উগ্ৰপন্থীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও জইচ-ই-মহম্মদে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে৷ পুৱা ৪.৫৫ বজাত প্ৰৱেশ কৰি চেন্ট্ৰীক লক্ষ্য কৰি গুলীচলনা কৰে৷
ইয়াৰ পিছতেই জম্মু কাশ্মীৰ বিধানসভাৰ অধ্যক্ষ কবিন্দ্ৰ গুপ্তাই এই আক্ৰমণত ৰোহিংগীয়া মুছলমান জৰিত থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰে৷ ‘‘মই সেই বিধান সভা সমষ্টিৰে হয়৷ মোৰ ওচৰত তেনে অভিযোগ আহি থাকে আৰু চৰকাৰেও এই কথা স্বীকাৰ কৰিছে৷ সেই এলেকাত ৰোহিংগীয়া আৰু বাংলাদেশী মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে৷ যাৰ বাবে সুৰক্ষাৰ ক্ষেত্ৰত ভয়াবহ পাৰে৷’’
এনেদৰে মন্তব্য প্ৰকাশ কৰাৰ লগতে একাংশ লোকে টকা লৈ তেনে লোকক থিতাপি দিয়া বুলি কয়৷ ড্ৰাগছ মাফিয়াগিৰি আদি চলি থকা বুলি কৈ চৰকাৰক পদক্ষেপ ল’ব লাগে বুলি কয় বিধান সভাৰ অধ্যক্ষই৷ আনহাতে সেনা শিবিৰত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে সেনাই৷ ঘটনাৰ পিছতেই সমগ্ৰ কাশ্মীৰত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷
বায়ু সেনাই অভিযানত অংশ গ্ৰহণ কৰে৷ উধামপুৰৰ পৰা পেৰা কমাণ্ডো অনা হৈছে৷ আনহাতে জম্মু কাশ্মীৰ বিধানসভাত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ আক্ৰমণকলৈ উত্তাল প্ৰতিবাদৰ সৃষ্টি হোৱাত প্ৰায় ২০ মিনিট সময় বিধানসভা স্থগিত ৰাখিব লগা হয়৷ জম্মু কাশ্মীৰৰ বিধান সভাত একাংশ বিধায়ক পাকিস্তান মূৰ্দাবাদ ধ্বনি দিয়ে৷ সেনাই যোৱা ৭ ঘন্টা ধৰি অভিযান অব্যাহত ৰাখিছে৷ দুগৰাকী উগ্ৰপন্থীক বন্দী কৰি ৰাখিছে৷ আক্ৰমণত দুগৰাকী সেনাৰ জোৱান শ্বহীদ হোৱাৰ লগতে ৪ গৰাকী লোক আহত হয়৷