নগাঁওঃ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে বৃহস্পতিবাৰে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ লগতে আন কেইবাগৰাকী নেতা-বিধায়ক নাৰাজ হৈ পৰিছে৷ বিজেপিৰ মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰাৰ পিছতে নাৰাজ বিধায়কৰ তালিকা দীঘল হৈ পৰিছে৷ জানিব পৰা মতে, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দিছপুৰৰ বিধায়ক অতুল বৰা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, বৰাকৰ বিজেপিৰ সংখ্যালঘু নেতা তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰী আদি নাৰাজ হৈ পৰিছে৷
বুধবাৰে নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পিছতে বিজেপিত ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি কৰে৷ এজনৰ পিছত এজন বিজেপি নেতা-কৰ্মী নাৰাজ হৈ পৰাৰ পিছতে বিপাঙত পৰে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক বিজেপি৷ তাৰ পিছতে মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মন্ত্ৰিত্ব লাভ নকৰাত কেইবাটাও সংগঠনে শুকুৰবাৰে অসম বন্ধ ঘোষণা কৰে৷ বন্ধৰ সময়ছোৱাত মৰিগাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ গাড়ীৰ চালকক মাৰধৰ কৰাৰ ঘটনা সংঘটিত হয়৷