গোৰেশ্বৰঃ ৫২ সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী আজি পতাকা উত্তোলনৰে আৰম্ভ হয়। বাগছা জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি পুৱা ৯ বজাত বজাত বিহুৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চান মহম্মদ আলীয়ে। মূল পতাকাৰ পিছতে আন ৫২ খন বিহুৰ পতাকা ৫২ গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
পতাকা উত্তোলনৰ লগে লগে সুৰ সংগীত বিদ্যালয় শিল্পী সকলে সমবেত সংগীত আৰু ৰামছা যুব সাংস্কৃতিক সংঘ হুচৰি দলে হুচৰি পৰিৱেশন কৰে। পতাকা উত্তোলনৰ কাৰ্যসূচীত ভাগ লয় প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োই । স্মৃতি তৰ্পণ কৰে বৈকুণ্ঠ ডেকাই।