বৰহোলাঃ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত অহা ৯ আৰু ১০ বহাগ, ২৩ আৰু ২৪ এপ্ৰিলত বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগনত বৰহোলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। নিৰ্বাচনৰ বতৰটো আঞ্চলিক ছাত্ৰ সন্থাই বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰি বৰহোলাত বিহুৰ পৰিৱেশ ৰচনা কৰি সন্মিলনৰ ৰূপালী জয়ন্তীৰ কাৰ্য্যসূচী প্ৰচাৰ কৰিছে।
দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া বিহু সন্মিলনৰ ঘোষিত কাৰ্য্যসূচী অনুসৰি ৯ বহাগৰ দিনা পুৱা ২৫ খন পতাকা উত্তোলনৰ লগতে ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰিব উদ্যাপন সমিতিৰ সভাপতি বিজয় মোহন সন্দিকৈয়ে আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ভাস্কৰ নেওগে।