নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰো চৌপাশ আৱৰি ৰাখিছে ৰঙালীৰ ৰঙীন আনন্দই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়েও যেন ম্লান কৰিব পৰা নাই বিহুৰ আনন্দ-উছাহ৷
বিগত তিনিটা দিনৰ দৰে আজিও নগাঁওবাসীৰ মাজত অব্যাহত আছে ৰঙালীৰ পাৰভগা উছাহ৷ বিহু উপলক্ষ্যে জিলাখনৰ গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো চুকে-কোণে খেল-ধেমালিৰ ধুম উঠা পৰিলক্ষিত হৈছে৷ দুই-তিনিখন গাঁও লগ হৈ এডোখৰ মুকলি ঠাইত অনুষ্ঠিত কৰা এনে প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা ডেকা-বুঢ়া পৰ্যন্ত লোকে আনন্দ-স্ফুৰ্তিৰে অংশগ্ৰহণ কৰা দেখা গৈছে।