56
ৰঙাপৰাঃ ৰঙাপৰা সমষ্টিত আজিও একাংশ ৰাইজে দুৰ্ভাগ্যজনকভাৱে বিভিন্ন সুবিধাৰপৰা বঞ্চিত হৈ আহিছে। নদীৰ ওপৰত পকী দলং নথকাৰ ফলত স্থানীয় ৰাইজে নিজেই গাঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি ল’বলগীয়া হৈছে।
ৰঙাপৰা নগৰৰ সমীপৱৰ্তী ৰঙাপৰা চাহ বাগিচাৰ ৰূপাজুলি ভাঙাবিল আৰু খেৰনীবস্তি সংযোগী পথচোৱাত থকা ডিপোটা নদীখনৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বাঁহৰ দলঙৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হৈছে।