ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত দেওবাৰে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।
সেনা বাহিনীৰ অন্যতম “B”coy 20 Assam Rifles আৰু অসম এভানগেলিকেল লুথাৰেন চাৰ্চৰ সহযোগত আৰু বিশ্বনাথ জিলাৰ অন্যতম বেচৰকাৰী সংগঠন গ্ৰামীণ মঞ্চ দুপতীৰ উদ্যোগত অনুষ্ঠিত সভাত সেনা বাহিনীৰ” B” coy Assam Rifles ৰ চিকিৎসক কেপ্তেইন ডঃ বি প্ৰেম ৰাজকুমাৰ ও তেজপুৰ বেপ্টিষ্ট খ্ৰীষ্টান চিকিৎসালয়ৰ চিকিৎসক ড:মনপ্ৰিত হৰ সমল ব্যাক্তি ৰূপে অংশগ্ৰহণ কৰে।