ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত সকলোৰে মাজত লাডেন নামৰে পৰিচিত আহত বন্যহস্তীৰ মুক্ত বিচৰণে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই সংক্ৰান্তত শোণিতপুৰ জিলাৰ বন সংৰক্ষক (অবৈতনিক) সৌৰভ বৰকটকীয়ে দিয়া তথ্য অনুসৰি হাতী টোৱে বাওঁ ভৰিত দুখ পোৱা বুলি জানিব পৰা গৈছে। 

ৰঙাপৰা নগৰৰ সমীপৱৰ্তী টেঙাবস্থিত হাতীটোৱে বিচৰণ কৰি আছে বুলি বন সংৰক্ষক গৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে। অনতিপলমে ইয়াৰ উপযুক্ত চিকিৎসা নহ’লে হাতীটোৰ মৃত্যু হ’ব বুলি আশংকা প্রকাশ কৰিছে। এই সংক্ৰান্তত অনতিপলমে হাতীটোক উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ তেওঁ জিলা বন বিষয়ালৈ পত্ৰ প্রেৰন কৰিছে৷

ইপিনে জিলা বন বিষৱাই আহত হস্তীৰ সন্দৰ্ভত কাজিৰঙা বন্যপ্রানী উদ্ধাৰকাৰী শিবিৰলৈ যোগাযোগ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে অহাকালি আহত বন্যহস্তীটোক উদ্ধাৰকাৰী দলে উদ্ধাৰৰ বাবে এক চেষ্টা চলাই আছে৷