56
তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাৰ কলনি চাহ বাগিচাত সোমবাৰে স্থানীয় সংগঠন আৰু মহিলাসকল অবৈধভাৱে সুৰা বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কলনি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰসন্থা(আট্ছা), সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) আৰু মহিলা সমিতিয়ে এক চুলাই মদৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বেনাৰ লৈ চাহ বাগিচাখনৰ শ্ৰমিক ৰাইজক মদ বৰ্জন কৰাৰ আহ্বান জনাই সজাগতামুলক এক সমদল উলিয়ায়৷