ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত বিদ্যুতস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। আজি ৰাতিপুৱা ৭ মান বজাত ৰঙাপৰা থানাৰ অন্তৰ্গত ফুলুগুৰি নেপালী গাঁৱৰ জুলপে থাপাৰ পুত্ৰ মনোজ থাপাই(৩১) নিজৰ ঘৰত বিদ্যুতৰ সা সজুলী মেৰামতি কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হয়।
ততাতৈয়াকৈ তেওঁক ৰঙাপৰা চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ইউ ডি ১৯/১৯ গোচৰ ৰুজু কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।