খেৰণিঃ কাৰ্বি পাহাৰৰ লোকসকলে পৰম্পৰাগত কাৰ্বি ৰংকেৰ পূজা পালন কৰে শুকুৰবাৰে। বিভিন্ন কাৰ্বি পৰম্পৰা, ৰীতি-নীতি, বিশ্বাসেৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, জেংখা, মাইলু, হাৱাইপুৰ, জেৰিকীন্দেঙ, ডংকামোকাম আদি অঞ্চলত শ-শ লোকৰ সমাগমেৰে ৰংকেৰ পূজা অনুষ্ঠিত হয়৷ কাৰ্বি পৰম্পৰাগত ৰীতি-নীতি আৰু বলি-বিধানেৰে সম্পন্ন কৰা পৰিলক্ষিত হয় ৰংকেৰ পূজা। কাৰ্বিসকলৰ ৰংকেৰ হৈছে এক কৃষিভিত্তিক সমূহীয়া পূজা৷
কৃষি কাৰ্যত মংগল আৰু কৃষি উৎপাদন বৃদ্ধি কামনা কৰি ঝুম খেতিৰ আগমূহূৰ্তত এই পুজা কৰা হয়। অপায়-অমংগল, বেমাৰ আজাৰ, দুৰ্ভিক্ষৰ সময়তো গাঁৱৰ ‘হাবে’ নতুবা গাঁওবুঢ়াৰ নেতৃত্বত ৰাজহুৱাভাৱে এই পূজা কৰা হয় কাৰ্বি পাহাৰত৷ অৱশ্যে অঞ্চল ভেদে এই ৰংকেৰ পূজা কেবা প্ৰকাৰেৰে পালন কৰা দেখা যায়৷ ৰংকেৰ পূজাৰ ভিতৰত এবিধ ৰংকেৰ হৈছে ৰেকপি বা দেংজা ৰংকেৰ য’ত অতিজত নৰবলি দিয়া হৈছিল বুলিও বিশ্বাস কৰে৷