57
লালুকঃ যোৱা ৫ দিন ধৰি জলবন্দী হৈ থকা লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজক সাহায্য বিতৰণৰ নামত জিলা প্ৰশাসনে এক প্ৰকাৰৰ ভেঙুচালি কৰা পৰিলক্ষিত হৈছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানত ক্ষতিগ্ৰস্ত ৰাইজক তৎকালীনভাৱে বান সাহায্য দিবলৈ নিৰ্দেশ দিয়াৰ সময়তে যোগানকাৰীৰ হাতত সামগ্ৰী মজুত নথকাৰ আচিলালৈ সামান্য পৰিমাণৰ চাউল আৰু দাইল দিয়েই দায় সৰা বুলি অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ বানাক্ৰান্তই।