newsnextone.com | ৰৌতাঃ ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ এক নাভূত-নাশ্ৰুত কাণ্ডই এতিয়া তীব্ৰ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ বাহাৰুল ইছলামৰ বৰ্ডৰ প্ৰমাণ পত্ৰখন বিদ্যালয় কৰ্তৃপক্ষই একেখন বিদ্যালয়ৰ সংগীতা নামৰ আন এগৰাকী ছাত্ৰীক প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

ঘটনাৰ বিৱৰণী মতে, ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱৰ নুৰ মহম্মদৰ পুত্ৰ বাহাৰুল ইছলাম ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈও উচ্চ শিক্ষাৰ পৰা বঞ্চিত হবলগীয়া হ’ল। স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তি কৰাৰ বাবে ছাত্ৰজনে বৰ্ডৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ বাবে উক্ত বিদ্যালয়ৰ কেৰাণী কনক বৈশ্যৰ কাষ চপাত ছাত্ৰ জনক এখন মাৰ্কশ্বিট দি উত্তীৰ্ণৰ প্ৰমাণ পত্ৰখন বৰ্ডৰ পৰা অহা নাই বুলি ছাত্ৰ জনক অৱগত কৰায়। 

পিছত ছাত্ৰজনে মাৰ্কশ্বিটখন লৈ স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে খাৰুপেটীয়া মহাবিদ্যালয়লৈ যায় যদিও উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ অবিহনে নামভৰ্তি কৰিব নোৱাৰি ছাত্ৰজন আকৌ উক্ত বিদ্যালয় কৰ্ত্তৃপক্ষৰ কাষ চাপে। কৰ্ত্তৃপক্ষই বৰ্ডৰ পৰা আনি দিম বুলি কৈ কৈ নামভৰ্তিৰ সময় উকলি যোৱাত ছাত্ৰজন হতাশাত ভুগা পৰিলক্ষিত হয়। 

জানিব পৰা মতে, বাহাৰুল ইছলামৰ ক্ৰমিক নং ১৭৫৯৪৮, ৰোল ০৮১০ নং ১০০০৬ নম্বৰৰ প্ৰমান পত্ৰখন একেখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা সংগীতা নামৰ ছাত্ৰী এজনীক দিয়া হৈছে। ছাত্ৰী জনীয়ে প্ৰায় ৪ মাহ প্ৰমাণ পত্ৰখন লগত ৰাখি যোৱা মঙ্গলবাৰে বিদ্যালয় কৰ্ত্তৃপক্ষক দি থৈ যায়। এই কথা জানিবলৈ পাই ভুক্তভোগী ছাত্ৰজনে উপায়ন্তৰ হৈ আমছুৰ ৰৌতা আঞ্চলিক সমিতিক অৱগত কৰে।

ৰৌতা আঞ্চলিক সমিতিৰ এক সজাতি দলে সাংবাদিকক লগত লৈ বিদ্যালয় কৰ্ত্তৃপক্ষৰ কাষ চাপি ঘটনা সন্দৰ্ভত জানিব বিচাৰে। কিন্তু বিদ্যালয়খনৰ কেৰাণী কনক বৈশ্যই ওলোটাই ছাত্ৰজনক দোষাৰোপ কৰি সংগঠনৰ লগতে সাংবাদিকৰ কেমেৰাত হাত দি অভব্য আচৰণ কৰে। 

উক্ত বিদ্যালয়ৰ অধ্যক্ষা অৰুণমনি দেৱীক সোধাত তেখেতে এক দায়সৰা মন্তব্য কৰি ঘটনাটো গাপ দিয়াৰ হে চেষ্টা কৰে। বিদ্যালয়খনৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডক ৰৌতা আঞ্চলিক সমিতিৰ সভাপতি মতলেব আলীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসমৰ শিক্ষা মন্ত্ৰীক ঘটনাটো উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। অন্যথা ৰৌতা আঞ্চলিক সমিতি আইনৰ কাষ চাপিব বুলি সকিয়াই দিয়ে।