newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতাত শনিবাৰে কেইবাটাও সংগঠনে চিকিৎসালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে। ৰৌতা চাৰিআলিস্থিত ৰৌতা আদৰ্শ চিকিৎসালয়ৰ সমস্যা সমাধান কৰাৰ দাবীত আক্ৰাছু, যুৱ-ছাত্ৰ পৰিষদ, এবছু, আছা, বেংগলী ফেডাৰেশ্বন আৰু ৰৌতা বণিক সন্থাই হাস্পতাল ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে।
অঞ্চলটোৰ ছয়টাকৈ সংগঠনে আক্ৰাছুৰ নেতৃত্বত দিনৰ এঘাৰ বজাৰ পৰা হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে দুৰ্নীতি, অভব্য আচৰণকে ধৰি বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে আদৰ্শ হাস্পতালখনৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ বসুমতাৰীৰ ব্যাপক অনিয়ম সংঘটিত কৰি অহা বুলি অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে হাস্পতালখনৰ সন্মুখত সুভাষ বসুমতাৰী মুৰ্দাবাদ, আদৰ্শ হাস্পতালত দালালগিৰি নচলিব, দুৰ্নীতি বন্ধ কৰক, ৰোগীৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰক ইত্যাদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।