নামতিঃ শিৱসাগৰ জিলাৰ আগশাৰীৰ কংগ্রেছ কর্মী তথা শিৱসাগৰৰ মিছাজান পাঁচ আলিৰ নিৱাসী ৰয়েল হাজৰিকাৰ শুকুৰবাৰে মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ। জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় ৰয়েল হাজৰিকাই৷ কংগ্রেছ নেতা হাজৰিকাই বিভিন্ন সামাজিক অনুষ্ঠান-প্রতিষ্ঠানত আগভাগ লৈছিল।
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বাসগৃহত অজস্ৰ গুণমুগ্ধৰে ঘৰ ভৰি পৰে। জানিব পৰা মতে, ৰয়েল হাজৰিকাৰ পিতৃ প্রয়াত কামাল হাজৰিকায়ো প্রয়াত মুখ্যমন্ত্রী কর্মশ্রী হিতেশ্বৰ শইকীয়া লগত কংগ্রেছৰ ভেটি সবল কৰাৰ ক্ষেত্রত পূর্ণ সহযোগিতা আগবঢ়াইছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি গৰাকী জী-জোঁৱাই, নাতি-নাতিনীৰ লগতে বহুতো আত্মীয়ক ইহ-সংসাৰত এৰি থৈ যায়। শনিবাৰে বিৰোধী দলপতি তথা নাজিৰ সমষ্টীৰ বিধায়ক দেৱব্রত শইকীয়াই ৰয়েল হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে।