লালুকঃ বানাক্ৰান্ত ৰাইজক চিকিৎসা সেৱাৰে সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আজি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷

লখিমপুৰ জিলাৰ নাওবৈচাৰ বানাক্ৰান্ত আহোম গাওঁ, গোসানীবাৰী, গেলাহাটী আৰু মিছিং গাঁৱৰ ৰাইজক আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ঔষধো বিতৰণ কৰা হয়।

বানপানীৰ বাবে ৰাইজৰ মাজত দেখা দিয়া বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ লব লগা সাৱধনতা আৰু উপশম সন্দৰ্ভত চিকিৎসক সকলে ৰাইজক পৰামৰ্শ আগবঢ়ায়৷

চিকিৎসা শিবিৰত লখিমুপৰ জিলাৰ বিশিষ্ট চিকিৎসক ডাঃ ফুলকোঁৱৰ দেউৰী আৰু ডাঃ দ্বিপেন বৰাই চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে৷

অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলা সমিতিৰ উপৰিও লালুক, হাৰমতী, নাওবৈছাৰ কৰ্মকৰ্তা সকলে সহযোগ আগবঢ়ায়৷ সংঘৰ এনে পদক্ষেপক বানাক্ৰান্ত ৰাইজে শলাগ লয়৷