গুৱাহাটীঃ এতিয়া একাংশ লোকে হিন্দু আৰু মুছলমানৰ নামত ব্যৱসায় চলাইছে ৰাজ্যত৷ ৰাজনীতি এতিয়া কেৱল হিন্দু মুছলমানক লৈ৷ ৰাজনীতি এতিয়া জাতী, বৰ্ণ, ধৰ্ম মন্দিৰ মছজিদক লৈ৷ কেইজনমানে এতিয়া হিন্দুৰ কথা কয় আৰু কেইজনমানে কয় মুছলমানৰ কথা৷ ৰাজ্যত যেন এতিয়া ৰাজনীতি নহয় হিন্দু-মুছলমানৰ তুষ্টি কৰণ হে আৰম্ভ হৈছে৷
একাংশ লোকে প্ৰচাৰ চলাই হিন্দুৰ হৈ৷ আন একাংশই প্ৰচাৰ চলাই মুছলমানৰ হৈ৷ ছ’চিয়েল মিডিয়াত একো একোটা গোটে পুৱাৰ পৰা গধূলিলৈ কেৱল ধৰ্মৰ কথা কৈ পাৰ কৰে৷ হোৱাটছএপত ক্ৰিয়েট কৰি লোৱা একো একোটা গ্ৰুপত অপপ্ৰচাৰ কৰাৰ লগতে ফেচবুকুত সজাই লোৱা গ্ৰুপ আৰু পেজত তেওঁলোকে একো একোটা ৰাজনৈতিক দলৰ আদৰ্শৰ হৈ ধৰ্ম গোড়ামিৰ প্ৰচাৰ চলায়৷