newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰএছএছে এইবাৰ উভতি ধৰিছে বিজেপি নেত্ৰী তথা দেশৰ বৈদেশীক মন্ত্ৰী সুষমা স্বৰাজক৷ সংঘৰ প্ৰচাৰ বিভাগৰ মুৰব্বীয়ে হিন্দু-মুছলমান দম্পতিক পাৰপত্ৰ বিষয়াই পাৰপত্ৰ নবীকৰণ নকৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়াক ন্যায় দিবলৈ দাবী জনায়৷ সংঘৰ প্ৰচাৰ বিভাগৰ মুৰব্বী ৰাজীৱ তুলিলে কয় ‘‘বিষয়া বিকাশ মিশ্ৰই ন্যায় লাভ কৰিব লাগে৷ নিৰ্যাতনৰ কাৰ্ডৰ বাহিৰে পৃথিৱীত আৰু আগলৈও বহু আছে৷’’  

সংঘৰ নেতা তুলিয়ে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক আক্ৰমণ কৰি সুষমা স্বৰাজ আইনৰ উৰ্দ্ধত নহয় বুলি কয়৷ এই বিষয়ত নিৰপেক্ষ তদন্ত হওক৷ বিষয়াগৰাকীৰ কথাশুনক৷ সংঘৰ নেতা তুলিয়ে এটি টুইট কৰি এই কথা প্ৰকাশ কৰে৷ আনহাতে তুলিয়ে এই টুইটত তেওঁৰ নিজৰ মত প্ৰকাশ কৰা বুলি কয়৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ এহাল দম্পতিক পাৰপত্ৰ নবীকৰণৰ পৰা বঞ্চিত কৰাৰ ঘটনাই যোৱা দুদিন ধৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌৰ এটি পাৰপত্ৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই দম্পতিহাল বেলেগ বেলেগ ধৰ্মৰ হোৱাৰ বাবেই পাৰপত্ৰ কাৰ্যালয়ে পাৰপত্ৰৰ পুনৰ পঞ্জীয়ন কৰা নাছিল৷ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দম্পতিহালে সংবাদমাধ্যমৰ ওচৰ চাপি এই কথা ৰাজহুৱা কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ 

দম্পতি হালৰ মহিলাগৰাকী হিন্দু আছিল৷ তেওঁলোকৰ আবেদন খাৰিজ কৰাৰ পূৰ্বে অপমান কৰা বুলিও অভিযোগ উত্থাপন হয়৷ তনবী শেঠ নামৰ মহিলগৰাকীৰ স্বামীক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ কৈ হিন্দু হ’বলৈ পৰামৰ্শ দিছিল৷ তনবীয়ে হিন্দু ধৰ্মৰ সৈতে জৰিত হৈ থকাৰ লগতে তনবীৰ স্বামী মুছলমানধৰ্মৰ সৈতে জৰিত থকা মহম্মদ অনস৷ দুয়োৰে বিয়া ইছলামীক পৰম্পৰাত হৈছিল৷

বিকাশ মিশ্ৰ নামৰ বিষয়াগৰাকীয়ে মহিলাগৰাকী হিন্দু হোৱাৰ বাবেই পাৰপত্ৰ নবীকৰণ কৰিব দিয়া নাছিল বুলি কয়৷ তাৰ পিছতে তনবী শেঠ নামৰ মহিলাগৰাকীক নাম সলনি কৰিবলৈ কৈছিল৷ আনহাতে নিকাহ নামত মহিলাৰ নাম চাদিয়া অনস আছিল বুলি অভিযোগ উত্থাপন কৰে বিষয়াগৰাকীয়ে৷

বিষয়াগৰাকীয়ে কয় যে, তনবীয়ে মোৰ কথা নুশুনিলে৷ এই প্ৰক্ৰিয়াত সুনিশ্চিত কৰিব লাগে পাৰপত্ৰ লোৱা ব্যক্তিৰ নাম সলনি কৰি পাৰপত্ৰ লৈছে নেকি৷ যাৰ বাবে মই এপিঅ’ কাৰ্যালয়লৈ যোৱাৰ উপদেশ দিছিলো৷ মই নিজেই অইন ধৰ্মৰ যুৱতীক বিয়া কৰাইছোঁ৷ তেওঁলোক আন আন ধৰ্মৰ হলে মোৰ অসুবিধা একো নাই৷

দম্পতিৰ হালৰ সৈতে সংঘটিত এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইট কৰি অৱগত কৰিছিল৷ ঘটনা সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছিল৷ বিদেশ মন্ত্ৰালয়ে ঘটনা সন্দৰ্ভত চিন্তা ব্যক্ত কৰি ঘটনাৰ তদন্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ ইমানে নহয় পাৰপত্ৰ বিষয়াকগৰাকীক বদলি কৰে৷ আনহাতে আঞ্চলিক পাৰপত্ৰ বিষয়া পীয়ুষ বাৰ্মাই দম্পতি হালক পাৰপত্ৰ নবীকৰণ কৰি দিয়া বুলি কয়৷ ঘটনাক লৈ দুখ প্ৰকাশ কৰি ঘটনাৰ তদন্ত কৰা হ’ব বুলি কয়৷