মোৰাঝাৰঃ হোজাইৰ ডবকাত আৰম্ভ হৈছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে গুণ্ডাগিৰি৷ হিন্দী চিনেমাৰ কায়দাৰে এজন পঞ্চায়ত প্ৰতিনিধিয়ে তেওঁৰ বিৰুদ্ধে আৰ টি আই আইনৰ অধীনত আবেদন কৰা এজন আৰ টি আই কৰ্মীক নিজৰ গাড়ীৰে চেপি হত্যাৰ চেষ্টা চলোৱাৰ এক অভিযোগে হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত হিন্দু ব্লক গাওঁ পঞ্চাযতৰ বহু দুৰ্নীতিগ্ৰস্ত সভাপতি চাহাবুদ্দিনে কালি আৰ টি আই কৰ্মী জেহিৰুল ইছলামক নিজৰ এ এছ ০১ এ বি ০৬০৫ নম্বৰৰ ৱেগন আৰ গাড়ীখনেৰে মহতিয়াই নি হত্যাৰ চেষ্টা কৰে বুলি ডবকা থানাত জেহিৰুল ইছলামে এক গোচৰ দাখিল কৰিছে৷
আৰ টি আই কৰ্মীজনে বাইক লৈ গৈ থাকোতে ডবকা নাহাৰগাঁৱত সংঘটিত হৈছিল এই ঘটনা৷ সৌভাগ্যক্ৰমে এই ঘটনাত আৰ টি আই কৰ্মীজনৰ প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হোৱাত তেওঁ চিকিৎসাধীন হবলগীয়া হয়৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই হিন্দু ব্লক গাও পঞ্চায়তৰ সভাপতি চাহাবুদ্দিনে পলায়ন কৰে যদিও পিছত ডবকা আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা বাহনখন জব্দ কৰে৷
উল্লেখ্য যে, যোগীজানৰ হিন্দু ব্লক গাও পঞ্চায়তত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে৷ কেতবোৰ হকে বিহকে ৰূপায়ণ নকৰা আঁচনিৰ নামত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি৷ ভুৱা আঁচনি ৰূপায়ণ কৰা দেখুৱাই সভাপতি চাহাবুদ্দিনে ধন আত্মসাৎ কৰাৰ তথ্য জেহিৰুল ইছলাম নামৰ স্থানীয় আৰ টি আই কৰ্মীজনে ফাদিল কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে চাহাবুদ্দিনৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু কৰে৷
এনে পৰিপ্ৰেক্ষিতত চাহাবুদ্দিনে আক্ৰোশমূলকভাৱে জেহিৰুল ইছলামক হত্যাৰ চেষ্টা চলোৱা বুলি ডবকা থানাত জেহিৰুলে এক গোচৰ দাখিল কৰিছে৷ ডবকা আৰক্ষীয়ে ১২০/১৭ নং গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে৷ ইফালে চাহাবুদ্দিনৰ দুৰ্নীতি উদঙাই সম্প্ৰতি প্ৰাণৰ নিৰাপত্তাত ভুগিছে আৰ টি আই কৰ্মীজন৷ ঘটনা সংঘটিত হোৱাৰ ২৪ ঘন্টাৰ পিছতো আৰক্ষীয়ে চাহাবুদ্দিনক আটক কৰিব নোৱাৰাত সৃষ্টি হৈছে ৰহস্যৰ৷