নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাট সোণাইপাৰৰ ঐতিহ্যমণ্ডিত গৌৰীনাথ মন্দিৰত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ লোকে লোকাৰণ্য হৈ পৰে। শনিবাৰে ১০০১গৰাকী মহিলাই গৌৰীনাথ মন্দিৰত জলাৰোহন কাৰ্যসূচী সম্পন্ন কৰে। যোৱা ২৩ জানুৱাৰীৰ পৰা এসপ্তাহজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যজ্ঞত সহস্ৰাধিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় গৌৰীনাথ শিৱ মন্দিৰৰ বাকৰি।
দেওবাৰে চতুৰ্থ দিনা ১০০১ গৰাকী মহিলাই সম্পুৰ্ণ শুদ্ধ সাজপাৰ পৰিধান কৰি কলচি লৈ বহু দূৰ পদযাত্ৰা কৰি পকামূৰা ঘাটৰ পৰা পানী অানি গৌৰিনাথ শিৱমন্দিৰত ঐতিহাসিক বসুন্ধৰী থানৰ পৰা জীয়া শিল আনি প্ৰতিষ্ঠা কৰে নৱনিৰ্মিত শিৱলিংগত। ধৰ্মীয় কাৰ্যসুচীত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাই শুভাৰম্ভ কৰে।