গৌৰীসাগৰঃ যোৱা নৱেম্বৰ মাহত চৌকাত জুই জ্বলাব পাৰ নাছিল শ-শ লোকে৷ ঘৰত চাউল-দাইল থাকিলেও তেওলোকে চৌকাত জুই জ্বলাব পৰা নাছিল। হাতত ধন থাকিও, ভৰালত ধান থাকিও তেওলোকে জ্বলাব পৰা নাছিল চৌকা। হয়, উজনি অসমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ তথাই কৈছে৷ যোৱা নৱেম্বৰ মাহত ৰাজ্যৰ আন আন ঠাই বানৰ পানীত ডুবি থকাৰ সময়ত শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ অঞ্চল তেলত ডুবি আছিল৷
কেৱল ইমানেই নহয়, এই অঞ্চলটোৰ লোকসকলে ভালদৰে গা ধুব-কাপোৰ ধুব নোৱাৰাৰ পৰিবেশ হৈছিল। দমকল, নাদ থাকিও হাহাকাৰ কৰিব লগা হৈছিল এটুপি খোৱাপানীৰ বাবে। পোহনীয়া জীৱ-জন্তুৰো একেই দুৰৱস্থা। গৰা এৰাল দিব নোৱাৰাৰ লগতে হাঁহৰ জাক জলাশয়ত চৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছিল। কেৱল ইমানে নহয় প্ৰায়ে পাইপত অগ্নিকাণ্ড সংঘটিত হৈ আতংকিত হৈ নিদ্ৰাহৰণ হয় ৰাইজৰ৷ ONGCৰ পাইপৰ পৰা নিৰ্গত হোৱা তেলেৰে লুটুৰি-পুতুৰি হৈ থাকিব লগা হয় ৰাইজ৷