ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত হোৱা ইৰানৰ ৰাষ্ট্ৰপতি হাচান ৰুহানীয়ে যাত্ৰাৰ অন্তিম দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ দেশৰ ৰাজধানী নতুন দিল্লীৰ হায়দৰাবাদ হাউচত অনুষ্ঠিত এই বৈঠকত কেইবাটাও বিষয় সন্দৰ্ভত দুয়োখন দেশে চুক্তিত স্বাক্ষৰ কৰে৷
জানিব পৰা মতে, ৰুহানীয়ে শুকুৰবাৰে হায়দৰাবাদৰ মক্কা মছজিদ পৰিদৰ্শন কৰি উপসনাৰ বাবে উপস্থিত ৰাইজক সম্ভাষণ জনায় কয়, মানুহে মনৰ নঞাৰ্থক চিন্তাধাৰাবোৰ আঁতৰ কৰি দূৰদৃষ্টি নিক্ষেপ কৰা উচিত৷ আলোচনাৰ পূৰ্বে শনিবাৰে পুৱা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে হাচান ৰুহানীক ৰাজকীয়ভাৱে অভিবাদন জনোৱাৰ লগতে ‘গাৰ্ড অফ অনাৰ’ প্ৰদান কৰে৷